অহা ১৩ নৱেম্বৰত ৰাজ্যৰ ৫টা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অভিযান চলাই আছে। মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শর্মাই আজি চামগুৰি আৰু বিহালী সমষ্টিৰ দলীয় প্ৰাৰ্থী দুগৰাকীৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে চামগুৰি উচ্চতৰ মাধ্যমিক খেলপথাৰ, বিহালী স্নাতক মহাবিদ্যালয় খেলপথাৰ আৰু মহাবীৰ বিদ্যালয় খেলপথাৰত অনুষ্ঠিত নির্বাচনী সভাত উন্নয়নৰ স্বাৰ্থত দলীয় প্ৰাৰ্থী দুগৰাকীক সমর্থন জনাবলৈ আহ্বান জনায়। ইফালে অসম প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই চিদলী বিধানসভা সমষ্টিত দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে।
Assamese | November 7, 2024 6:45 PM | Assam Bye-Election | Assembly Bye Election | CMO Assam | himanta bisha sarma
চামগুৰি আৰু বিহালী সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ