অলিম্পিক পদক বিজয়ী মীৰাবাই চানুৱে চলিত বৰ্ষৰ বিশ্ব ভাৰোত্তলন প্ৰতিযোগিতাত ভাৰতীয় দলৰ নেতৃত্ব দিব। চীনৰ নিংবো অলিম্পিক স্পৰ্টছ চেণ্টাৰত আজিৰে পৰা অহা ৮ নবেম্বৰলৈ এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। এইখন হ’ব ২০২৮ চনত হবলগীয়া লছ এঞ্জেলছ অলিম্পিকৰ বাবে ১০ খন যোগ্যতানির্ণয়কাৰী প্ৰতিযোগিতাৰ প্ৰথমখন প্রতিযোগিতা । ৫০০ ৰো অধিক মল্লযোদ্ধাই এই প্রতিযোগিতাত অংগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে । ৩২ বছৰীয়া মীৰাবাই চানুৱে প্ৰতিযোগিতাৰ ৫৩ কিলোগ্রাম ওজন শাখাত দেশক প্রতিনিধিত্ব কৰিব।
Assamese | October 27, 2026 12:57 PM | mirabai sanu
চলিত বৰ্ষৰ বিশ্ব ভাৰোত্তলন প্ৰতিযোগিতাত মীৰাবাই চানুৰ ভাৰতীয় দলক নেতৃত্ব