October 27, 2026 12:57 PM

views 10

চলিত বৰ্ষৰ বিশ্ব ভাৰোত্তলন প্ৰতিযোগিতাত মীৰাবাই চানুৰ ভাৰতীয় দলক নেতৃত্ব

অলিম্পিক পদক বিজয়ী মীৰাবাই চানুৱে চলিত বৰ্ষৰ বিশ্ব ভাৰোত্তলন প্ৰতিযোগিতাত ভাৰতীয় দলৰ নেতৃত্ব দিব। চীনৰ নিংবো অলিম্পিক স্পৰ্টছ চেণ্টাৰত আজিৰে পৰা অহা ৮ নবেম্বৰলৈ এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এইখন হ'ব ২০২৮ চনত হবলগীয়া লছ এঞ্জেলছ অলিম্পিকৰ বাবে ১০ খন যোগ্যতানির্ণয়কাৰী প্ৰতিযোগিতাৰ প্ৰথমখন প্রতিযোগিতা । ৫০০ ৰো অধিক মল্লযোদ্ধাই এই প্রতিযোগিতাত অংগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে । ৩২ বছৰীয়া মীৰাবাই চানুৱে প্ৰতিযোগিতাৰ ৫৩ কিলোগ্রাম ওজন শাখাত দেশক প্রতিনিধিত্ব কৰিব।