পেঞ্চন পুঁজি নিয়ন্ত্ৰণ আৰু উন্নয়ন প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষত অটল পেঞ্চন যোজনাৰ অধীনত ৫৬ লাখৰো অধিক লোকে নাম অন্তৰ্ভুক্ত কৰিছে। ইয়াকৈ লৈ এই আঁচনিত নাম অন্তর্ভুক্ত কৰা লোকৰ সংখ্যা ৭ কোটিৰো অধিক হৈছে। সামাজিক সুৰক্ষাৰ এই আঁচনিখনে বৰঙণিৰ আধাৰত অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকসকলৰ বাবে মাহে কমেও এহেজাৰ টকাৰ পৰা ৫ হাজাৰ টকাৰ পেঞ্চন নিশ্চিত কৰে। সকলো ভাৰতীয় বিশেষকৈ অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে সার্বজনিন সামাজিক সুৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্যে ২০১৫ চনত এই আঁচনিখন আৰম্ভ কৰা হৈছিল।
Assamese | October 8, 2024 7:37 PM | Atal Pension Yojana
চলিত বিত্তীয় বৰ্ষত অটল পেঞ্চন যোজনাৰ অধীনত ৫৬ লাখৰো অধিক লোকৰ নাম অন্তৰ্ভুক্ত