চত্তিশগড়ৰ বাষ্টাৰ অঞ্চলত সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত দুজন মাওবাদী নিহত হৈছে। এই মাওবাদী দুজনৰ সম্ভেদ দিব পৰা ব্যক্তিক মুঠ ১৩ লাখ টকাৰে পুৰস্কৃত কৰা হ’ব বুলি ইতিপূর্বে ঘোষণা কৰা হৈছিল। বাষ্টাৰ সংমণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক সুন্দৰ ৰাজে কৈছে যে কোণ্ডাগাওঁ আৰু নাৰায়ণপুৰ জিলাৰ সীমান্তত অৱস্থিত কিলম-গুম, গাওঁৰ বনাঞ্চলত কালি নিশা জিলা সংৰক্ষিত বাহিনীৰ এটা দলে চলোৱা অভিযানৰ সময়ত সূত্ৰপাত হোৱা সংঘৰ্ষত এই মাওবাদী দুজন নিহত হয়। সংঘর্ষস্থলীৰ পৰা মাওবাদী দুটা মৃতদেহ, এটা AK-47 ৰাইফল, বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলি বাৰুদ উদ্ধাৰ কৰা হৈছে। অঞ্চলটোত তালাচী অভিযান অব্যাহত আছে।
Assamese | April 16, 2025 2:34 PM | chhattisgarh maobadi
চত্তিশগড়ৰ বাষ্টাৰ অঞ্চলত সুৰক্ষা বাহিনীৰে সংঘৰ্ষত দুজন মাওবাদী নিহত