প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে চত্তিশগড়কে ধৰি দেশৰ আন প্ৰান্তত মাওবাদীৰ হিংসাত্মক ঘটনাৰ পৰা মুক্ত হবলৈ আৰু বেছিদিন নাই। আজি চত্তিশগড় ৰাজ্য গঠনৰ ২৫ বছৰ হোৱা উপলক্ষে আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ কয় যে, মাওবাদীৰ হিংসাত্মক কার্যকলাপৰ ফলত জনজাতি অধ্যুষিত চত্তিশগড় পথ, বিদ্যালয়, চিকিৎসালয় আদিকে ধৰি আন প্রাথমিক সা-সুবিধাৰ পৰা দীৰ্ঘদিন বঞ্চিত হৈ আছিল। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এই কাৰ্যসূচীত পথ, উদ্যোগ, স্বাস্থ্য যতন, শক্তি আদিকে ধৰি প্ৰায় ১৪ হাজাৰ কোটি টকাৰো অধিক মূল্য ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।
Assamese | November 1, 2025 9:41 PM | PM Modi
চত্তিশগড়কে ধৰি দেশৰ আন প্ৰান্ত মাওবাদীৰ হিংসাত্মক ঘটনাৰ পৰা মুক্ত হ’বলৈ আৰু বেছিদিন নাইঃ প্ৰধানমন্ত্ৰী মোদী