লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি চণ্ডীগড়ত কমনৱেল্থ সংসদীয় সংস্থা, চি পি এ-ৰ ZONE-2 সন্মিলন উদ্বোধন কৰিব। হাৰিয়ানা বিধানসভাই এই সন্মিলনৰ আয়োজন কৰিছে। ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশ, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াৱ সিং ছাইনী, হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ হৰবিন্দ কল্যান, দেশৰ ১৫ খন বিধানসভাৰ প্রিজাইডিং বিষয়া তথা বিধানসভাৰ সদস্যসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিব। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ হৰবিন্দৰ কল্যানে ভাষণ দিব। অনুষ্ঠানত হাৰিয়ানাৰ ইতিহাস আৰু বিকাশক সামৰি এখন বিশেষ তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ পাছত লোকসভাৰ অধ্যক্ষ ওম বিৰলা, ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশ আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নায়ার সিং ছাইনীয়ে ভাষণ দিব ।
Assamese | June 8, 2026 12:24 PM | Chandigarh
চণ্ডীগড়ত আজি কমনৱেল্থ সংসদীয় সংস্থা, চি পি এ-ৰ ZONE-2 সন্মিলন