গুৱাহাটীৰ এখন হোটেলত ৫ জন লোকক গুলীয়াই হত্যা কৰা গোচৰত অভিযুক্ত ঘনকান্ত গগৈ পুৱতি নিশা আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয়। গুৱাহাটীৰ পৰা শিৱসাগৰলৈ নি থকা অৱস্থাত পুৱতি নিশা শিৱসাগৰৰ ফুলপানী ছিগাৰ এখন ধাবাৰ সমীপত ঘনকান্তই আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে। প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হয় আৰু আৰক্ষীৰ গুলীত অভিযুক্তজন নিহত হয়। ঘটনাত শিৱসাগৰ নগৰ আৰক্ষী উপ-পৰিদৰ্শক দেৱাশীষ শর্মা আহত হয়। উল্লেখযোগ্য যে ২০২৪ চনৰ এটা গোচৰ সংক্ৰান্তত আৰক্ষীয়ে ঘনকান্তক গুৱাহাটীৰ পৰা শিৱসাগৰলৈ নিছিল।
Assamese | November 4, 2026 11:20 AM | ghanakanta gogoi
ঘনকান্ত গগৈ পুৱতি নিশা আৰক্ষীৰ এনকাউণ্টাৰত নিহত