November 19, 2025 9:47 PM | SPORTS

printer

গ্ৰেটাৰ নয়দাত অনুষ্ঠিত বিশ্বকাপ বক্সিঙৰ মহিলাৰ ৭০ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত ভাৰতৰ অৰুন্ধতী চৌধুৰী

ভাৰতৰ অৰুন্ধতী চৌধুৰীয়ে গ্ৰেটাৰ নয়দাত অনুষ্ঠিত বিশ্বকাপ বক্সিঙৰ মহিলাৰ ৭০ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে আজি ছেমি ফাইনেলত তিনিবাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীৰ লিঅ’নি আয়শ্বা মুলেৰক ৩-০ ফলাফলত পৰাস্ত কৰে। অৰুন্ধতীয়ে কাইলৈ ফাইনেলত উজবেকিস্তানৰ অজিজা জ’ক’ৰিভাৰ সন্মুখীন হ’ব। অৰুন্ধতীৰ উপৰি মীনাক্ষী, অংকুশ পংঘাল, পাৰবীন আৰু নুপুৰেও নিজ নিজ শাখাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে।