স্কটলেণ্ডৰ গ্লাছগত চলি থকা কমনৱেল্থ গেমছত অসম কন্যা লাভলীনা বৰগোঁহাই মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত উপনীত হৈছে। খেলুৱৈগৰাকীয়ে ছেমিফাইনেলত টুভালুৰ টাৰোণা টাফাকীক ৫-০ ব্যবধানত পৰাস্ত কৰে। লাভলীনাৰ লগতে কালিৰ দিনটোত ভাৰতৰ আন ৯ গৰাকী খেলুৱৈয়েও বক্সিঙৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। কালিৰ দিনটোত ভাৰতৰ জুডো খেলুৱৈ অস্মিতা দে’ই মহিলাৰ ৪৮ কিলোগ্রাম ওজন শাখাত স্বর্ণপদক অর্জন কৰে। এয়া হ’ল প্রতিযোগিতাখনৰ ইতিহাসত জুডোত ভাৰতৰ প্ৰথমটো স্বর্ণপদক। খেলুৱৈগৰাকীৰ সাফল্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রী মনসুখ মন্দাভিয়াই অভিনন্দন জ্ঞাপন কৰিছে। এই সাফল্যই জুডোক ভাৰতত অধিক জনপ্ৰিয় কৰি তোলাত সহায় কৰিব বুলি শ্রী মোদীয়ে মন্তব্য কৰে।
জুডোত কালি ভাৰতৰ হৰ্ষ সিঙে পুৰুষৰ ৬০ কিলোগ্রাম ওজন শাখাত আন এটা স্বর্ণ পদক অর্জন কৰাৰ লগতে যামিনী মৌৰ্যই ৰূপৰ পদক অর্জন কৰে। প্ৰতিযোগিতাত এই পর্যন্ত ভাৰতে ৫ টা সোণ, ১২ টা ৰূপ, ৬ টা ব্রঞ্জসহ মুঠ ২৩ টা পদক অর্জন কৰিছে। অষ্ট্ৰেলিয়াই এই পর্যন্ত ৫৫ টা সোণসহ মুঠ ১২৮ টা পদক অর্জন কৰি পদক তালিকাৰ শীর্ষ স্থানত আছে।