June 20, 2026 10:27 PM | Dr L Murugan

printer

গোৱাৰ পানাজীত আয়োজিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত সাংগঠনিক প্রস্তুতিৰ পৰ্যালোচনা কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী এল মুৰুগানৰ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী এল মুৰুগানে আজি গোৱাৰ পানাজীত আয়োজিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত দলটোৰ সাংগঠনিক প্রস্তুতি পৰ্যালোচনা কৰে। দলীয় কৰ্মীসকলক উদ্দেশ্যি দিয়া ভাষণত শ্ৰীমুৰুগানে প্ৰতিগৰাকী যোগ্য নাগৰিকে যাতে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ সুবিধা লাভ কৰিব পাৰে তাক নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। 

গোৱাৰ ৪০ টা বিধানসভা সমষ্টিতে দলীয় সংগঠন শক্তিশালী কৰাৰ বাবে আহ্বান জনাই শ্ৰীমুৰুগানে লগতে অহা বছৰ হ’বলগীয়া বিধানসভা নিৰ্বাচনত দলটোৱে যাতে বৃহৎ সাফল্য লাভ কৰিব পাৰে তাৰ বাবেও দলীয় কর্মীসকলক তৃণমূল পৰ্যায়ত কাম কৰিবলৈ আহ্বান জনায়। 

গোৱা বিজেপিৰ সভাপতি দামোদৰ নায়কে দলটোৱে ৪০ টা সমষ্টিতে প্রতিদ্বন্দিতা আগবঢ়াব বুলি উল্লেখ কৰি ৩০ টা সমষ্টিতে জয়লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। শ্ৰীনায়কে লগতে কয় যে নির্বাচনী মিত্রতা সম্পর্কত সঠিক সময়ত দলৰ কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীৰ ড০ প্ৰমোদ চাৱন্ত, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নায়কৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ নেতাই বৈঠকত অংশগ্ৰহণ কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।