June 20, 2026 10:27 PM

views 16

গোৱাৰ পানাজীত আয়োজিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত সাংগঠনিক প্রস্তুতিৰ পৰ্যালোচনা কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী এল মুৰুগানৰ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী এল মুৰুগানে আজি গোৱাৰ পানাজীত আয়োজিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত দলটোৰ সাংগঠনিক প্রস্তুতি পৰ্যালোচনা কৰে। দলীয় কৰ্মীসকলক উদ্দেশ্যি দিয়া ভাষণত শ্ৰীমুৰুগানে প্ৰতিগৰাকী যোগ্য নাগৰিকে যাতে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ সুবিধা লাভ কৰিব পাৰে তাক নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে।  গোৱাৰ ৪০ টা বিধানসভা সমষ্টিতে দলীয় সংগঠন শক্তিশালী কৰাৰ বাবে আহ্বান জনাই শ্ৰীমুৰুগানে লগতে অহা বছৰ হ'বলগীয়া বিধানসভা নিৰ্বাচনত দলটোৱে যাতে বৃহৎ সাফল্য লাভ কৰিব পাৰে ত...

December 25, 2024 6:52 PM

views 72

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয় ৰাজ্য মন্ত্ৰী ড° এল মুৰুগানৰ ঝাৰখণ্ডৰ আকাশবাণী আৰু দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহ পৰিদৰ্শন

ঝাৰখণ্ড ভ্ৰমণলৈ যোৱা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী ড° এল মুৰুগানে আজি পালামুৰৰ দালটোনগঞ্জনত থকা আকাশবাণী আৰু দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে আকাশবাণীৰ ষ্টুডিঅ'ৰ পৰা পোনপটীয়াভাৱে জনসাধাৰণৰ সৈতে মত বিনিময় কৰে। ড° মুৰুগানে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আকাশবাণী আৰু দূৰদৰ্শনৰ জৰিয়তে জনসাধাৰণৰ বাবে উৎকৃষ্ট অনুষ্ঠান প্ৰচাৰ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ।

October 7, 2024 2:43 PM

views 68

বায়ু প্ৰদৰ্শনীত হোৱা দুৰ্ঘটনাৰ বাবে ডি এম কে চৰকাৰক সমালোচনা মন্ত্ৰী ড০ এল মুৰুগানৰ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্য মন্ত্ৰী ড০ এল মুৰুগানে কালি বায়ু প্ৰদৰ্শনীত হোৱা দুৰ্ঘটনাৰ বাবে ডি এম কে চৰকাৰক সমালোচনা কৰে। তিৰুনেলভেলীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে বায়ু সেনাৰ সৈতে সঠিক সমন্বয় ৰক্ষা নকৰাৰ বাবে চৰকাৰখনক দোষাৰোপ কৰে। তেওঁ লগতে ৰাজ্যখনত ড্ৰাগছৰ বেহা বৃদ্ধিৰ বাবেও ডি এম কে চৰকাৰক দোষাৰোপ কৰে।

April 3, 2024 7:31 PM

views 81

কেন্দ্রীয় মন্ত্ৰী ড০ এল মুৰুগনৰ লগতে ৰাজ্যসভাৰ আন ১১ জন নৱ নিৰ্বাচিত সাংসদৰ শপতগ্রহণ

♦ কেন্দ্রীয় মন্ত্ৰী ড০ এল মুৰুগনৰ লগতে ৰাজ্যসভাৰ আন ১১ জন নৱ নিৰ্বাচিত সাংসদে আজি শপতগ্রহণ কৰে। উপ বাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে সংসদ ভৱনত তেওঁলোকক শপত বাক্য পাঠ কৰোৱায়৷