মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বানত হোৱা ক্ষয়-ক্ষতি আৰু উদ্ধাৰ অভিযানৰ বুজ লয়। তেওঁ লগতে জিলাখনৰ কেইবাটাও বান সাহায্য শিবিৰত আশ্ৰয় লৈ থকা বানপীড়িত লোকৰ সৈতে কথা পাতে আৰু সাহায্য প্ৰক্ৰিয়াৰ বুজ লয়।
গোলাঘাটৰ কমাৰবন্ধাৰ ভাস্কৰ চিনিয়ৰ বুনিয়াদী বিদ্যালয়ত স্থাপন কৰা সাহায্য শিবিৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বানপীড়িতসকলৰ প্ৰয়োজনক অগ্ৰাধিকাৰৰ ভিত্তিত পূৰণ কৰিবলৈ জিলা প্ৰশাসন তথা সংশ্লিষ্ট কর্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে।
পাছত মুখ্যমন্ত্ৰীয়ে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বান সাহায্য শিবিৰটো পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে শিবিৰটোত আশ্রয় গ্রহণ কৰি থকা শিশুসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু কিছু সময় কটায়। শিবিৰ পৰিদৰ্শনৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক পর্যাপ্ত সহায় আগবঢ়োৱাৰ বাবে চৰকাৰে প্ৰচেষ্টা গ্রহণ কৰিছে।
এইবাৰৰ অভূতপূৰ্ব বানত হোৱা ক্ষয়-ক্ষতিৰ বিস্তৃত মূল্যায়ন কৰিবলৈ আৰু পুনৰবাসন তথা পুনৰনিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্রয়োজনীয় সাহায্য সম্পৰ্কে পর্যালোচনা কৰাৰ উদ্দেশ্যে এটা আন্তঃমন্ত্ৰালয় পৰ্যায়ৰ দল দুই-এদিনতে ৰাজ্যখনলৈ আহিব বুলি তেওঁ প্ৰকাশ কৰে ৷