সদৌ অসম ৰবিদাস সন্মিলন, গোলাঘাট জিলা সমিতিৰ উদ্যোগত তথা অখিল ভাৰতীয় ৰবিদাসীয় ধর্ম সংগঠনৰ সহযোগত আজি নুমলীগড়ত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৰবিদাস সম্প্ৰদায়ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক সম্বর্ধনা জনোৱা হয়। এই সম্বর্ধনা অনুষ্ঠানত কেবিনেট মন্ত্রী অতুল বৰাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক সম্বর্ধনা জনাই মন্ত্ৰী শ্ৰী বৰাই চাহ জনগোষ্ঠীৰ লোকসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমাধানৰ বাবে চাহ জনগোষ্ঠীয় সংগঠনসমূহে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে।
Assamese | June 23, 2024 7:30 PM | Atul Bora
গোলাঘাটত শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ চাহ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা