June 17, 2026 10:24 PM | Koushik Rai Meeting

printer

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ৰ অধ্যক্ষতাত গুৱাহটীক বানমুক্ত কৰা উদ্দেশ্যে পৰ্যালোচনা বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহটীক বানমুক্ত কৰা উদ্দেশ্যে আয়োজিত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিশেষ সচিব ছৈয়দাইন আববাচী, বিভাগটোৰ আয়ুক্ত তথা সচিব আৰু গুৱাহাটী পৌৰ উন্নয়ন প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা আয়ুক্তকে ধৰি জনসম্পদ বিভাগ আৰু বিমান বন্দৰ কৰ্তৃপক্ষ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ৰে’ল বিভাগ আৰু অন্যান্য সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে।

বৈঠকত মহানগৰৰ বিভিন্ন প্ৰান্তত হোৱা বানৰ সমস্যা সমাধান কৰাৰ উদ্দেশ্যে প্রয়োজনীয় পদক্ষেপসমূহ আলোচনা কৰাৰ লগতে সম্প্রতি চলি থকা বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয়, যে চৰকাৰে গুৱাহাটীক বানমুক্ত কৰিবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে।