জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুলাই আজি নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰে। বৈঠকত দুয়োগৰাকী নেতাই জম্মু আৰু কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা প্রদান, সুৰক্ষা পৰিস্থিতি, বাজেট আৰু প্ৰশাসন সম্পৰ্কে আলোচনা কৰে। উল্লেখযোগ্য যে জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পছত এয়া আছিল শ্ৰীআব্দুলাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সৈতে তৃতীয়টো সাক্ষাৎ।
Assamese | February 10, 2025 8:54 PM | Amit sha | HM India
গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুলাৰ