ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বান সমস্যা দূৰ কৰাৰ ব্যৱস্থাসমূহৰ বুজ লয়। তেওঁ লাষ্টগে’ট, বেলতলা পথ, পাঞ্জাবাৰী, জুৰিপাৰকে ধৰি বিভিন্ন অঞ্চলত নলা-নৰ্দমাৰ পানী উলিয়াই দিয়া ব্যৱস্থাৰ বুজ লয়। তেওঁ বিভাগীয় বিষয়াসকলক পানী নিষ্কাষণ প্ৰক্ৰিয়া খৰতকীয়াকৈ সম্পন্ন কৰাৰ নিৰ্দেশ দিয়ে। মন্ত্ৰী ৰায়ে কয়, যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, লোকনিৰ্মাণ আদিৰ প্ৰতিটো বিভাগে বান সমস্যাৰ সমাধানৰ বাবে অহৰহ কাম কৰি আছে। আজিৰ পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ সৈতে নিউ গুৱাহাটীৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মা, মেয়ৰ মৃগেন শৰণীয়া, পৌৰ নিগমৰ আয়ুক্ত চিন্ময় প্রকাশ ফুকনৰ লগতে জি এম ডি এ, লোকনির্মাণ, জলসম্পদ আদি সংশ্লিষ্ট বিভাগৰ বিষয়া উপস্থিত থাকে।
Assamese | July 21, 2026 7:12 PM | kushik roy
গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি কৌশিক ৰায়ৰ বান সমস্যা দূৰ কৰাৰ ব্যৱস্থাসমূহৰ বুজ