গুৱাহাটী মহানগৰীৰ খাৰঘূলিৰ বেলতলত আজি ভূমিস্খলন সংঘটিত হয়। পাহাৰৰ পৰা খহি অহা মাটিয়ে এখন গার্ড ৱাল ভাঙি পেলোৱাৰ লগতে ৫ খনকৈ দুচকীয়া বাহন পুতি পেলায়। অৱশ্যে এই ঘটনাত এতিয়ালৈকে কোনো লোক আহত হোৱা নাই।
ভূমিস্খলনৰ ফলত খহি অহা পাহাৰৰ মাটিয়ে কিছু সময়ৰ বাবে পথটো যাতায়াতৰ বাবে বন্ধ কৰি পেলায়। পাছত ৰাজ্যিক দুর্যোগ প্রশমন বাহিনীৰ লগতে গুৱাহাটী পৌৰ নিগমৰ কৰ্মী ঘটনাস্থলীত উপস্থিত হৈ পথটো মুকলি কৰাৰ লগতে মাটিয়ে পুতি পেলোৱা বাহন কেইখন উদ্ধাৰ কৰে।