July 19, 2026 9:11 PM

views 11

গুৱাহাটী মহানগৰীৰ খাৰঘূলিৰ বেলতলত ভূমিস্খলন

গুৱাহাটী মহানগৰীৰ খাৰঘূলিৰ বেলতলত আজি ভূমিস্খলন সংঘটিত হয়। পাহাৰৰ পৰা খহি অহা মাটিয়ে এখন গার্ড ৱাল ভাঙি পেলোৱাৰ লগতে ৫ খনকৈ দুচকীয়া বাহন পুতি পেলায়। অৱশ্যে এই ঘটনাত এতিয়ালৈকে কোনো লোক আহত হোৱা নাই। ভূমিস্খলনৰ ফলত খহি অহা পাহাৰৰ মাটিয়ে কিছু সময়ৰ বাবে পথটো যাতায়াতৰ বাবে বন্ধ কৰি পেলায়। পাছত ৰাজ্যিক দুর্যোগ প্রশমন বাহিনীৰ লগতে গুৱাহাটী পৌৰ নিগমৰ কৰ্মী ঘটনাস্থলীত উপস্থিত হৈ পথটো মুকলি কৰাৰ লগতে মাটিয়ে পুতি পেলোৱা বাহন কেইখন উদ্ধাৰ কৰে।

June 2, 2025 7:55 PM

views 49

ভূমিস্খলনত মৃত্যু হোৱা মালিগাঁৱৰ ৰবীন দাস নামৰ লোকজনৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ ৪ লাখ টকাৰ চেক প্ৰদান

গুৱাহাটী মহানগৰীত ভূমিস্খলনত মৃত্যু হোৱা মালিগাঁৱৰ ৰবীন দাস নামৰ লোকজনৰ পৰিয়ালক আজি ৰাজ্য চৰকাৰে ৪ লাখ টকাৰ চেক প্ৰদান কৰে। গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু মুখ্যমন্ত্ৰীৰ বিশেষ কর্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে আজি মালিগাঁৱত প্ৰয়াত ৰবীন দাসৰ পত্নীৰ হাতত এই আর্থিক সাহায্যৰ চেক প্ৰদান কৰে। তেওঁলোকে লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। শ্ৰীমতী মেধিয়ে পাহাৰত বসবাস কৰা লোকসকলক প্ৰতিকূল বতৰৰ সময়ত অধিক সতর্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায়।