শাৰদীয় দুর্গা পূজাৰ আনন্দ-উছাহৰ মাজতে গুৱাহাটী মহানগৰীত বুজন পৰিমাণৰ মাদক দ্রব্য উদ্ধাৰ হৈছে নিৰ্ভৰযোগ্য সূত্ৰৰ খবৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে আজি অঞ্চলটোৰ বেংগলী বস্তিত অভিযান চলাই ৪২ টা চাবোনৰ বাকচত ভৰাই থোৱা অৱস্থাত ৬১১ গ্রাম হেৰইন জব্দ কৰে। ইপিনে আন তিনিটা পেকেটৰ পৰা আৰক্ষীয়ে ২৭৭ গ্ৰাম মৰফিন জব্দ কৰা বুলি জানিবলৈ দিয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মাদকদ্ৰব্য সৰবৰাহৰ অভিযোগত প্ৰণৱ দাস নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।
Assamese | October 19, 2026 9:28 PM | Akashvani Guwahati
গুৱাহাটী মহানগৰীত বুজন পৰিমাণৰ মাদক দ্রব্য উদ্ধাৰ