● গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত আজি ২০২৪-২৫ শিক্ষাবৰ্ষৰ স্নাতকোত্তৰ শ্ৰেণীৰ শিক্ষাৰম্ভ সমাৰোহ অনুষ্ঠিত হ’ব। ১৯৪৮ চনত স্থাপিত এই ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনে নাকৰ এ প্লাছ স্বীকৃতি লাভ কৰিছে। আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ এই প্ৰথমখন বিশ্ববিদ্যালয়ে ভাৰতৰ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ তালিকাত ১৩ সংখ্যক স্থান, ভাৰতৰ সমগ্ৰ বিশ্ববিদ্যালয় তালিকাত ৪০ সংখ্যক স্থান লাভৰ লগতে আই আই টি, আই আই এমকে ধৰি দেশৰ আটাইকেইখন বিশ্ববিদ্যালয়ৰ ভিতৰত ৫৭ সংখ্যক স্থান লাভ কৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তত এই বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষার্থী কৰ্মত নিয়োজিত হৈ থকাৰ বিপৰীতে জাপান, আমেৰিকা যুক্তৰাষ্ট্ৰ, থাইলেণ্ড আদিকে ধৰি বিভিন্ন বিদেশী ৰাষ্ট্ৰৰ শিক্ষাৰ্থীয়েও বিশ্ববিদ্যালয়খনত শিক্ষা গ্ৰহণ কৰি আহিছে। প্ৰায় তিনি লাখ গ্ৰন্থৰে সমৃদ্ধ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্যতম গুৰুত্বপূৰ্ণ সম্পদ হিচাপে বিবেচিত হৈছে।
Assamese | September 2, 2024 12:26 PM | Guwahati University
গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত ২০২৪-২৫ শিক্ষাবৰ্ষৰ স্নাতকোত্তৰ শ্ৰেণীৰ শিক্ষাৰম্ভ সমাৰোহ