মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ পাথৰকোৱেৰীৰ মেগজিনস্থিত সাধনী ভৱনত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় আৰু এটা ছাত্রাৱাস মুকলি কৰে। ৰাজ্য চৰকাৰৰ আন টাইড পুঁজি আৰু চুতীয়া উন্নয়ন পৰিষদৰ পুঁজিৰ প্ৰায় পাঁচ কোটি টকা ব্যয়ৰে এই কাৰ্যালয় আৰু ছাত্ৰাবাসটো নিৰ্মাণ কৰা হৈছে।
ছাত্রাবাসটো মুকলি কৰি ড° শৰ্মাই কয়, যে দীর্ঘ দিনৰে পৰাই গুৱাহাটীৰ মাজ মজিয়াত চুতীয়া ছাত্ৰসন্থাৰ বাবে এটা আধুনিক উন্নতমানৰ কাৰ্যালয়ৰ প্ৰয়োজন আছিল আৰু আজি এই প্ৰয়োজন বাস্তৱত ৰূপায়িত হ’ল। তেওঁ কয়, যে গুৱাহাটীলৈ অধ্যয়নৰ বাবে অহা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিভিন্ন কামত গুৱাহাটীলৈ অহা জনগোষ্ঠীটোৰ লোকসকল এই নতুন ভৱনৰ জৰিয়তে উপকৃত হ’ব।
অনুষ্ঠানত চুতীয়া জাতিৰ স্বাভিমান বিৰাংগনা সতী সাধনীৰ কথা উল্লেখ কৰি ড° শৰ্মাই কয়, যে অসমৰ ইতিহাসত মহিয়সীগৰাকী, নাৰী শক্তিৰ শৌৰ্য্য-বীৰ্য্যৰ এটা চিৰন্তন প্ৰতীক। চুতীয়াসকলৰ ৰাজনৈতিক আৰু সাংস্কৃতিক ইতিহাস অতি প্রাচীন বুলি উল্লেখ কৰি ড০ শৰ্মাই কয়, যে বিগত ১০ বছৰত ৰাজ্য চৰকাৰে চুতীয়া জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনৰ সৈতে আলোচনাৰ জৰিয়তে জনগোষ্ঠীটোক আগবঢ়াই নিয়াৰ বাবে প্ৰচেষ্টা চলাই আছে।
আজিৰ অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ, অতুল বৰা, বিমল বৰা, অশ্বিনী ৰায় সৰকাৰে ধৰি চুতীয়া ছাত্ৰ সন্থা, চুতীয়া উন্নয়ন পৰিষদ আৰু চুতীয়া জাতি সন্মিলনীৰ ভালেমান নেতা-কর্মী উপস্থিত থাকে।