June 20, 2026 9:40 PM

views 5

গুৱাহাটীৰ পাথৰকোৱেৰীৰ মেগজিনস্থিত সাধনী ভৱনত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় আৰু ছাত্রাৱাস মুকলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ পাথৰকোৱেৰীৰ মেগজিনস্থিত সাধনী ভৱনত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় আৰু এটা ছাত্রাৱাস মুকলি কৰে। ৰাজ্য চৰকাৰৰ আন টাইড পুঁজি আৰু চুতীয়া উন্নয়ন পৰিষদৰ পুঁজিৰ প্ৰায় পাঁচ কোটি টকা ব্যয়ৰে এই কাৰ্যালয় আৰু ছাত্ৰাবাসটো নিৰ্মাণ কৰা হৈছে।  ছাত্রাবাসটো মুকলি কৰি ড° শৰ্মাই কয়, যে দীর্ঘ দিনৰে পৰাই গুৱাহাটীৰ মাজ মজিয়াত চুতীয়া ছাত্ৰসন্থাৰ বাবে এটা আধুনিক উন্নতমানৰ কাৰ্যালয়ৰ প্ৰয়োজন আছিল আৰু আজি এই প্ৰয়োজন বাস্তৱত ৰূপায়িত হ'ল। তেওঁ কয়, য...