গুৱাহাটীৰ চচলস্থিত টেনিছ প্রকল্পত অহা ১৩ জুলাইৰ পৰা অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। সৰ্বভাৰতীয় টেনিছ সন্থাৰ সহযোগত সদৌ অসম টেনিছ সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত দেশৰ ১২ আৰু ১৪ বছৰ অনূধ্বৰ মুঠ ১৬০ গৰাকী ল’ৰা-ছোৱালীয়ে অংশগ্রহণ কৰিব। অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই কয় যে মূল ৰাউণ্ডৰ পূৰ্বে অহা ১১-১২ জুলাইত দুদিনীয়াকৈ কোৱালিফায়িং ৰাউণ্ডৰ খেলসমূহ হ’ব। অহা ১৭জুলাইত ফাইনেল খেল হ’ব। অইল ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালক চিত্তৰঞ্জন বৰাই অহা ১৩ জুলাইত প্রতিযোগিতাখন মুকলি কৰিব। জুনিয়ৰ ৰাষ্ট্ৰীয় ৰেংকিং প্রতিযোগিতাখনত আয়োজক অসমৰ লগতে দিল্লী, হাৰিয়ানা, মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড, অন্ধ্র প্রদেশ, ওড়িশা, ঝাৰখণ্ড, বিহাৰ, উত্তৰ প্ৰদেশ, বংগ, কৰ্ণাটক, ত্ৰিপুৰা, মণিপুৰ আৰু গুজৰাটৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। সৰ্বভাৰতীয় টেনিছ সন্থাই প্রতিযোগিতাৰ ৰেফাৰী হিচাপে সোমনাথ মান্নাক দায়িত্ব দিয়াৰ বিপৰীতে টুর্ণামেন্ট সঞ্চালক হিচাপে অংকুশ দত্তক নিযুক্তি দিছে। সৰ্বভাৰতীয় টেনিছ সন্থাই ঘোষণা কৰা ৰেংকিং অনুসৰি ১২ বছৰ অনূধ্বৰ ছোৱালীৰ শাখাত অসমৰ কৃষ্টি হালৈ আৰু ফাগুন জ্যোতিয়ে শীর্ষ দুটা স্থান লাভ কৰিছে। আনহাতে, ১৪ বছৰ অনূধ্বৰ ছোৱালীৰ শাখাতো দুই অসম কন্যা ক্রমে ফাগুন জ্যোতিয়ে প্রথম আৰু কৃষ্টিয়ে দ্বিতীয় স্থান লাভ কৰিছে। ল’ৰাৰ ১২ বছৰ অনূধ্বৰ শাখাত মহাৰাষ্ট্ৰৰ আহন ভট্টাচার্য আৰু হাৰিয়ানাৰ কুনাল যাদরে শীর্ষ দুটা স্থান অর্জন কৰাৰ বিপৰীতে ১৪ বছৰ অনূধ্বৰ ল ‘ৰাৰ শাখাত অসমৰ ঈশানদীপ বড়োই শীর্ষ আৰু দিল্লীৰ কনিষ্কই দ্বিতীয় স্থান লাভ কৰিছে।
Assamese | July 9, 2026 8:39 PM | AITA Tennis
গুৱাহাটীৰ চচলৰ টেনিছ প্রকল্পত ১৩ জুলাইৰ পৰা অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতা