July 9, 2026 8:39 PM

views 14

গুৱাহাটীৰ চচলৰ টেনিছ প্রকল্পত ১৩ জুলাইৰ পৰা অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতা

গুৱাহাটীৰ চচলস্থিত টেনিছ প্রকল্পত অহা ১৩ জুলাইৰ পৰা অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। সৰ্বভাৰতীয় টেনিছ সন্থাৰ সহযোগত সদৌ অসম টেনিছ সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত দেশৰ ১২ আৰু ১৪ বছৰ অনূধ্বৰ মুঠ ১৬০ গৰাকী ল'ৰা-ছোৱালীয়ে অংশগ্রহণ কৰিব। অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই কয় যে মূল ৰাউণ্ডৰ পূৰ্বে অহা ১১-১২ জুলাইত দুদিনীয়াকৈ কোৱালিফায়িং ৰাউণ্ডৰ খেলসমূহ হ'ব। অহা ১৭জুলাইত ফাইনেল খেল হ'ব। অইল ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালক চিত্তৰঞ্জন বৰাই অহা ১৩ জুলাইত প্রতিযোগিতাখন মুকলি কৰ...

August 11, 2025 12:14 PM

views 60

গুৱাহাটীৰ চচলৰ টেনিছ প্ৰকল্পত অইল-আইটা ছুপাৰ চিৰিজ টেনিছ প্রতিযোগিতা

● সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলৰ টেনিছ প্ৰকল্পত আজিৰে পৰা অইল-আইটা ছুপাৰ চিৰিজ টেনিছ প্রতিযোগিতাৰ মূল ৰাউণ্ডৰ খেলসমূহ অনুষ্ঠিত হ'ব। আজি একক শাখাৰ খেল অনুষ্ঠিত হ'ব। কালি সমাপ্ত হোৱা প্ৰতিযোগিতাৰ কোৱালিফায়িং ৰাউণ্ডৰ মেচৰ অন্তত ১৪ আৰু ১৬ বছৰ অনুৰ্ধৰ ল'ৰা আৰু ছোৱালীৰ প্ৰতিটো শাখাতে আঠ গৰাকীকৈ মুঠ ৩২ গৰাকী খেলুৱৈয়ে মূল ৰাউণ্ডত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত দেশৰ ২০ খন ৰাজ্যৰ প্ৰায় ১৮৫ গৰাকী খেলুৱৈয়ে অংশ লৈছে।

July 19, 2025 12:32 PM

views 63

গুৱাহাটীত অনুষ্ঠিত অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাৰ সামৰণি

● গুৱাহাটীত অনুষ্ঠিত অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাৰ কালি সামৰণি পৰে। সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলত আয়োজিত এই প্রতিযোগিতাৰ ল'ৰাৰ ১৪ বছৰ অনুৰ্থ শাখাত অসমৰ নিব্ৰাছ হুছেইনে একক আৰু ডাবলছ শাখাৰ খিতাপ দখল কৰে। নিব্ৰাছে একক শাখাৰ ফাইনেলত বিহাৰৰ অবিনাশ ৰয়ক ৬-২, ৬-২ ব্যাৱধানত পৰাস্ত কৰাৰ উপৰি ডাবলছত অসমৰ চন্দ্ৰ মোহান্তিৰ সৈতে যুটী বান্ধি বিহাৰৰ ৰিক ৰাউট আৰু অবিনাশ ৰয়ক ৬-৩, ৬-১ ছেটত পৰাস্ত কৰে । ইপিনে অসমৰ কৃষ্টি হালৈয়ে ডাবলছৰ ১২ বছৰ অনুৰ্থ শাখাৰ ফাইনেলত কৰ্ণাটকৰ আনিশ...

July 18, 2025 10:57 AM

views 51

অইল আইটা ছুপাৰ ছিৰিজ টেনিছত কৃষ্টি হালৈৰ ফাইনেলত প্ৰৱেশ

■ অসমৰ কৃষ্টি হালৈয়ে গুৱাহাটীত চলি থকা অইল আইটা ছুপাৰ ছিৰিজ টেনিছ প্রতিযোগিতাৰ ছোৱালীৰ ছিংগলছৰ ১২ আৰু ১৪ বছৰ অনুৰ্থ উভয় শাখাৰে ফাইনেলত প্ৰৱেশ কৰিছে। কৃষ্টিয়ে কালি ১৪ বছৰ অনুৰ্থ শাখাৰ ছেমি ফাইনেলত অসমৰে সংস্কৃতি বৰাক ৬-১, ৬-৪ ছেটত পৰাস্ত কৰে।

November 15, 2024 7:55 PM

views 43

আইটা চেম্পিয়নশ্বিপ ছিৰিজ টেনিছৰ ১৪ বছৰ অনূধ্বৰ্ৰ ডাবলছত অসমৰ ফাগুন জ্যোতিৰ খিতাপ লাভ

অসমৰ প্ৰতিভাবান টেনিছ খেলুৱৈ ফাগুন জ্যোতিয়ে ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতা আইটা চেম্পিয়নশ্বিপ ছিৰিজ টেনিছত ছোৱালীৰ ১৪ বছৰ অনূধ্বৰ্ৰ ডাবলছৰ খিতাপ লাভ কৰাৰ বিপৰীতে ১২ বছৰ অনূধ্বৰ্ৰ একক শাখাত ৰানাৰ্ছ আপ হৈছে৷ হাৰিয়ানা ৰোহটকত অনুষ্ঠিত প্ৰতিযোগিতাখনত সদৌ অসম টেনিছ সন্থাৰ প্ৰশিক্ষাৰ্থী তথা গুৱাহাটীৰ হলি চাইল্ড স্কুলৰ ছাত্ৰী ফাগুন জ্যোতিয়ে ১৪ বছৰ অনূধ্বৰ্ৰ ডাবলছৰ ফাইনেলত হাৰিয়ানাৰ আৰাধনা তেহলানৰ সৈতে যুটি বান্ধি ৬-১,৬-০ ৰ ব্যৱধানত পৰাস্ত কৰে দিল্লীৰ ইৰা চৌধুৰী আৰু তেলেংগানাৰ ছামিয়াৰা জৈনক৷ ইফালে, ১২ বছৰ ...