বিশেষ কৰ্ম বাহিনীয়ে গুৱাহাটীৰ খানাপাৰাত অভিযান চলাই প্রায় ১২ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ কৰে। আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তৰ তদাৰকত অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকে চলোৱা এই অভিযানত এখন সৰু গাড়ীৰ পৰা হেৰ’ইনখিনি জব্দ কৰিছে। ঘটনা সংক্রান্তত দুজন লোকক আটক কৰা হৈছে। ইপিনে শুল্ক বিভাগে গুৱাহাটীৰ সমীপৱৰ্তী মির্জাত কালি অভিযান চলাই চোৰাংকৈ সৰবৰাহ কৰা ৭৬ কার্টন বিদেশী চিগাৰেট জব্দ কৰে। জব্দ কৰা চিগাৰ্টেখিনিৰ মূল্য প্রায় ২ কোটি টকা বুলি প্ৰকাশ কৰা হৈছে। এই সন্দৰ্ভত শুল্ক বিভাগে তদন্ত অব্যাহত ৰাখিছে।
Assamese | April 29, 2024 12:36 PM | Assam Police
গুৱাহাটীৰ খানাপাৰাত আৰক্ষীৰ বিশেষ কৰ্ম বাহিনীৰ ১২ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ