গুৱাহাটীত আজিৰে পৰা অসম আৰু ত্ৰিপুৰাৰ মাজৰ ৰঞ্জী ট্ৰফীৰ এলিট-বি গ্ৰুপৰ খেল

গুৱাহাটীৰ বৰ্ষাপাৰাত থকা এ চি এ স্টেডিয়ামত আজিৰে পৰা অসম আৰু ত্ৰিপুৰাৰ মাজৰ ৰঞ্জী ট্ৰফীৰ এলিট-বি গ্ৰুপৰ চাৰিদিনীয়া খেলখন অনুষ্ঠিত হ’ব। চলিত ছিজনত এয়া অসম ক্রিকেট দলৰ দ্বিতীয়খন গ্ৰুপৰ খেল হোৱাৰ বিপৰীতে গুৱাহাটীত হ’বলগা প্রথমখন খেল। ইয়াৰ পূৰ্বে অসমে প্ৰথমখন খেলত পাঞ্জাবৰ বিৰুদ্ধে ডু খেলি এক পইন্ট অর্জনেৰে অভিযান আৰম্ভ কৰিছে।

ইফালে ত্ৰিপুৰাৰ বিৰুদ্ধে খেলিবলগীয়া অসমৰ দলটো কালি ঘোষণা কৰা হয়। ডেনিছ দাসৰ নেতৃত্বত ঘোষিত দলত শিৱশংকৰ ৰয়, ৰাজবীৰ সিং, নিবিড় ডেকা, ঋষভদাস, স্বৰূপম পুৰকায়স্থ, সুমিত ঘাদিগাওকাৰ, অনুৰাগ তালুকদাৰ, মোহিত ঠাকুৰ, অম্লনজ্যোতি দাস, মুক্তাৰ হুছেইন, সুনীল লাচিত, দীপজ্যোতি শইকীয়া, ৰোচন আলম, বিশাল নেৱাৰ আৰু হৃদীপ ডেকাই স্থান লাভকৰিছে।

উল্লেখযোগ্য যে, পাঞ্জাবৰ বিৰুদ্ধে খেলা খেলত ডেনিছ আৰু শিৱশংকৰে শতক অৰ্জন কৰিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।