October 18, 2026 12:15 PM
16
গুৱাহাটীত আজিৰে পৰা অসম আৰু ত্ৰিপুৰাৰ মাজৰ ৰঞ্জী ট্ৰফীৰ এলিট-বি গ্ৰুপৰ খেল
গুৱাহাটীৰ বৰ্ষাপাৰাত থকা এ চি এ স্টেডিয়ামত আজিৰে পৰা অসম আৰু ত্ৰিপুৰাৰ মাজৰ ৰঞ্জী ট্ৰফীৰ এলিট-বি গ্ৰুপৰ চাৰিদিনীয়া খেলখন অনুষ্ঠিত হ'ব। চলিত ছিজনত এয়া অসম ক্রিকেট দলৰ দ্বিতীয়খন গ্ৰুপৰ খেল হোৱাৰ বিপৰীতে গুৱাহাটীত হ'বলগা প্রথমখন খেল। ইয়াৰ পূৰ্বে অসমে প্ৰথমখন খেলত পাঞ্জাবৰ বিৰুদ্ধে ডু খেলি এক পইন্ট অর্জনেৰে অভিযান আৰম্ভ কৰিছে। ইফালে ত্ৰিপুৰাৰ বিৰুদ্ধে খেলিবলগীয়া অসমৰ দলটো কালি ঘোষণা কৰা হয়। ডেনিছ দাসৰ নেতৃত্বত ঘোষিত দলত শিৱশংকৰ ৰয়, ৰাজবীৰ সিং, নিবিড় ডেকা, ঋষভদাস, স্বৰূপম পুৰকায়স্থ, সুমিত ঘাদিগাওকাৰ,...