ভাৰতে জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত অভূতপূর্ব সফলতা লাভ কৰাৰ বিষয়টোৱে দেশৰ বাবে বিশেষ সুযোগ প্ৰদান কৰিছে বুলি কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে মন্তব্য কৰিছে। গান্ধীনগৰ জিলাৰ পেঠাপুৰত কালি গুজৰাট বায়’টেকন’লজি ৰিচাৰ্ছ চেণ্টাৰৰ বি এছ এল ৪ বায়’কণ্টেইনমেণ্ট ফেচিলিটী উদ্বোধন কৰি শ্ৰীশ্বাহে এনেদৰে কয়। তেওঁ লগতে কয়, যে ২০১৪ চনত ভাৰতৰ জৈৱ অৰ্থনীতি ১০ বিলিয়ন ডলাৰ থকাৰ বিপৰীতে ২০২৪ চনৰ শেষলৈ এই পৰিমাণ ১৬৬ বিলিয়ন ডলাৰলৈ বৃদ্ধি পায়।
Assamese | January 14, 2026 1:21 PM | Amit Shah
গুজৰাট বায়’টেকন’লজি ৰিচাৰ্ছ চেণ্টাৰৰ বি এছ এল ৪ বায়’কণ্টেইনমেণ্ট ফেচিলিটী উদ্বোধন