● ভাৰতৰ বতৰ বিজ্ঞান বিভাগে আজি গুজৰাট, অন্ধ্ৰ প্ৰদেশ আৰু ওড়িশাত ধাৰাসাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে । বতৰ বিভাগে কাইলৈলৈকে বিহাৰ, ওড়িশা, হিমাচল প্রদেশ, ঝাৰখণ্ড, জম্মু-কাশ্মীৰ, উত্তৰাখণ্ড, অসম, মণিপুৰ আৰু পশ্চিম বংগত ধুমুহা, বজ্রপাত আৰু ধুমুহা বতাহৰ লগতে মধ্যমীয়া বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে। সংস্থাটোৱে জনোৱা মতে, কেৰেলা আৰু মাহে অঞ্চলত গৰম আৰু আৰ্দ্ৰ বতৰৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। পূব ৰাজস্থানৰ কিছু অংশত আজি ধূলিৰ ধুমুহা আহিব পাৰে। বতৰ সংস্থাটোৰ মতে, আজি ছত্তীশগড়, পূব মধ্য প্ৰদেশ, গুজৰাট, ওড়িশা আৰু উত্তৰাখণ্ডত শিলাবৃষ্টি হোৱাৰ প্ৰবল সম্ভাৱনা আছে।
Assamese | May 5, 2025 4:49 PM | GUJRAT | IMD | Weather alert
গুজৰাট, অন্ধ্ৰ প্ৰদেশ আৰু ওড়িশাত ধাৰাসাৰ বৰষুণ হোৱাৰ আগলি