বিজেপি দলে আজি গুজৰাটৰ চুৰাট লোকসভা আসনখনত বিনাপ্রতিদ্বন্দিতাৰে জয়লাভ কৰিছে। আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা এই লোকসভা সমষ্টিৰ বাবে বৈধ বিবেচিত আন আটাইকেইগৰাকী প্রার্থীয়ে নিজৰ নিজৰ মনোনয়ন প্রত্যাহাৰ কৰাৰ ফলত বিজেপিৰ প্ৰাৰ্থী মুকেশ দালালক বিজয়ী প্ৰাৰ্থীৰূপে ঘোষণা কৰা হয়। চুৰাটৰ জিলা আযুক্ত তথা ৰিটাৰ্ণিং অফিছাৰ সৌৰভ পাৰ্থীয়ে এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰিছে । আমাৰ সংবাদদাতাই জনোৱা অনুসৰি চুৰাট লোকসভা আসনখনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী নীলেশ কুম্ভানীৰ মনোনয়ন প্ৰস্তাৱকগৰাকীৰ স্বাক্ষৰৰ অমিলৰ বাবে অবৈধ ঘোষণা কৰা হৈছিল। কংগ্ৰেছৰ বিকল্প প্রার্থী সুৰেশ পাড়ছালাৰ মনোনয়ন পত্ৰও অবৈধ ঘোষিত হোৱাৰ ফলত ছুৰাট আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কংগ্ৰেছৰ কোনো প্রার্থী নাথাকিল। আজি আন ৮ গৰাকী প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন প্রত্যাহাৰ কৰাত বিজেপিৰ প্ৰাৰ্থীৰ্গৰাকী জয়ী ঘোষিত হয়।
Assamese | April 22, 2024 8:08 PM | BJP Gujrat
গুজৰাটত চুৰাট লোকসভা আসনত বিনাপ্রতিদ্বন্দিতাৰে বিজেপি দলৰ জয়লাভ