ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান এণ্টনিঅ’ গুটেৰেছে কালি এটা ভিডিঅ’ বাৰ্তাৰ যোগেদি গাজা সংঘৰ্ষৰ প্ৰথম বৰ্ষপূর্তিৰ উপলক্ষে পশ্চিম এছিয়াত শান্তিৰ আহ্বান জনাইছে। বাৰ্তাটোত গুটেৰেছে কয় যে, কালিৰ দিনটো বিশ্ব সম্প্রদায়ে পুনৰবাৰ শক্তিশালী কণ্ঠেৰে হামাছৰ ঘৃণনীয় কাৰ্য আৰু বহুলোকক পণবন্দী কৰি ৰখাৰ বিৰুদ্ধে নিন্দা কৰাৰ দিন। ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানগৰাকীয়ে সকলো ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ সৈতে একাত্মতা প্ৰকাশ কৰে আৰু পণবন্দীসকলক মুকলি কৰি দিয়াৰ লগতে শান্তি পুনৰ উদ্ধাৰ সময় আহি পৰিছে বুলি মন্তব্য কৰে।
Assamese | October 8, 2024 6:17 PM | UN for West Asia peace
গাজা সংঘৰ্ষৰ প্ৰথম বৰ্ষপূর্তিত পশ্চিম এছিয়াত শান্তিৰ আহ্বান ৰাষ্ট্ৰসংঘৰ সচিবপ্রধানৰ