খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি লক্ষীপুৰ লোকসভা সমষ্টি পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকী লক্ষীপুৰৰ বিন্নাকান্দি মণ্ডল বিজেপি কার্যকর্তাসকলে আয়োজন কৰা এটা সম্বর্ধনা অনুষ্ঠানতো উপস্থিত থাকে।
সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে জনসাধাৰণে তেওঁৰ প্ৰতি দেখুওৱা আস্থা আৰু বিশ্বাসৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয় যে লক্ষীপুৰৰ লগতে সমগ্ৰ ৰাজ্যৰ সৰ্বাত্মক উন্নয়নৰ বাবে সমাগত দিনত কাম কৰি যাবলৈ চৰকাৰ প্ৰতিশ্রুতিবদ্ধ।