খাদ্য তথা ৰাজহুৱা বিতৰণ বিভাগৰ সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্রী প্রহ্লাদ যোশীৰ পর্যালোচনা বৈঠক

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্রী প্রহ্লাদ যোশীয়ে আজি খাদ্য তথা ৰাজহুৱা বিতৰণ বিভাগৰ সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত চেনীৰ বৰ্তমান মজুতকৰণ, উৎপাদনৰ পৰিমাণ আৰু চলিত ঋতুত ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে মূল্যায়ন কৰে।

এই বৈঠকৰ সময়ত শ্রীযোশীয়ে চেনীৰ পর্যাপ্ত মজুতকৰণ আৰু সমগ্র ঋতুতে ইয়াৰ সুস্থিৰ যোগান নিশ্চিত কৰিবলৈ সময়োপযোগী ব্যৱস্থা গ্রহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।