August 9, 2026 8:08 PM

views 18

খাদ্য তথা ৰাজহুৱা বিতৰণ বিভাগৰ সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্রী প্রহ্লাদ যোশীৰ পর্যালোচনা বৈঠক

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্রী প্রহ্লাদ যোশীয়ে আজি খাদ্য তথা ৰাজহুৱা বিতৰণ বিভাগৰ সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত চেনীৰ বৰ্তমান মজুতকৰণ, উৎপাদনৰ পৰিমাণ আৰু চলিত ঋতুত ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে মূল্যায়ন কৰে। এই বৈঠকৰ সময়ত শ্রীযোশীয়ে চেনীৰ পর্যাপ্ত মজুতকৰণ আৰু সমগ্র ঋতুতে ইয়াৰ সুস্থিৰ যোগান নিশ্চিত কৰিবলৈ সময়োপযোগী ব্যৱস্থা গ্রহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

March 16, 2025 6:58 PM

views 101

কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ, উদ্যোগ ৰাজ্যমন্ত্ৰী ৰৱনীত সিঙৰ তামুলপুৰ জিলাৰ কেইবাটাও ক্ষুদ্র উদ্যোগ পৰিদৰ্শন

কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰ্যালয়ৰ ৰাজ্যমন্ত্ৰী ৰৱনীত সিঙে আজি তামুলপুৰ জিলাৰ কেইবাটাও ক্ষুদ্র উদ্যোগ পৰিদৰ্শন কৰি আত্মসহায়ক গোটৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে ক্ষুদ্র উদ্যোগ উদ্যোগীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা পূর্ণ সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে মৌ-মাখি পালন আৰু প্ৰক্ৰিয়াকৰণ, ধানবনা কল, সৰিয়হ তেলৰ কল আদি পৰিদৰ্শন কৰি ক্ষুদ্ৰ উদ্যোগসমূহৰ পৰা উৎপাদিত সামগ্ৰীসমূহ দেশৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ আজিৰ এই পৰিদৰ্শন কালত কে...