কৰিমগঞ্জ জিলাৰ ২৯ টা কেন্দ্ৰত কাইলৈ চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব। এই পৰীক্ষা কেন্দ্ৰসমূহত যিকোনো ধৰণৰ অবৈধ কার্যকলাপ ৰোধ কৰাৰ লগতে শান্তি শৃংখলা বজাই ৰাখিবলৈ জিলা আয়ুক্তই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬০ নম্বৰ ধাৰা অনুযায়ী কাইলৈ পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ নিষেধাজ্ঞা আৰোপ কৰিছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ এলেকাত ব্যক্তি প্ৰৱেশ আৰু অযথা ভিৰ সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। তদুপৰি পৰীক্ষা গৃহত কোনো ধৰণৰ ইলেকট্রনিক সামগ্ৰী লৈ প্ৰৱেশ কৰাটো নিষিদ্ধ কৰা হৈছে। ইফালে পৰীক্ষা কেন্দ্ৰসমূহৰ এশ মিটাৰ ব্যাসার্ধ এলেকাত অবৈধভাৱে যান-বাহন পার্কিং আৰু যাতায়তৰ অনুমতি দিয়া নহ’ব।
Assamese | October 26, 2024 8:01 PM | ADRE | adre 4th grade | Akashvani News | Karimganj
কৰিমগঞ্জৰ ২৯ টা কেন্দ্ৰত কাইলৈ চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব