September 13, 2026 7:24 PM | PM Modi at BRICS

printer

ক্ষুদ্র উদ্যমীসকলক জ্ঞান, বিত্ত আৰু নতুন বজাৰৰ সৈতে সংযুক্ত কৰাৰ বাবে ব্রীকচ অতিক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগ সহযোগিতা পোর্টেল গঠন কৰাৰ প্ৰস্তাৱ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰী মোদীৰ প্ৰকাশ

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টাদশ ব্রীকচ শীর্ষ সন্মিলনৰ মুকলি অধিবেশনত ভাষণ দি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে  প্রযুক্তি আৰু ৰাষ্ট্ৰৰ সুৰক্ষা, আধুনিক অর্থনীতি তথা শক্তি আন্তঃগাঁথনিৰ বাবে প্রয়োজনীয় গুৰুত্বপূৰ্ণ খনিজ পদার্থসমূহৰ অস্ত্ৰৰ দৰে ব্যৱহাৰে প্ৰগতিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে বুলি সকীয়াই দিয়ে। ব্রীকচ ৰাষ্ট্ৰসমূহে প্রযুক্তি আঁকোৱালি লোৱাৰ ক্ষেত্ৰত সৰ্বাত্মক দৃষ্টিভংগীত গুৰুত্ব আৰোপ কৰি আহিছে বুলি শ্রী মোদীয়ে উল্লেখ কৰে।

প্রধানমন্ত্রীয়ে কয়, যে ক্ষুদ্র উদ্যমীসকলক জ্ঞান, বিত্ত আৰু নতুন বজাৰৰ সৈতে সংযুক্ত কৰাৰ বাবে ব্রীকচ অতিক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগ সহযোগিতা পোর্টেল গঠন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ উপৰি বিভিন্ন চহৰৰ মাজত সর্বোৎকৃষ্ট প্রযুক্তি পদ্ধতিৰ বিনিময়ৰ সুবিধার্থে ব্রীকচ নগৰীয়া গতিশীলতা কেন্দ্র গঠন কৰা হৈছে বুলি প্রধানমন্ত্রীয়ে জানিবলৈ দিয়ে।

স্মার্টগ্রীড আৰু শক্তি মজুতকৰণৰ বাবে ব্ৰীকছ ডিজিটেল উৎকর্ষ কেন্দ্ৰ স্থাপন কৰা হৈছে বুলি উল্লেখ কৰি শ্রী মোদীয়ে কয়, যে এই কেন্দ্রই নিকা শক্তি অধিক নিৰ্ভৰযোগ্য, দক্ষ আৰু সহজলভ্য কৰি তোলাত সহায় কৰিব।

তেওঁ কয়, যে ব্রীকচ ৰাষ্ট্ৰগোষ্ঠীয়ে বিকশাই তোলা সমাধান সূত্রসমূহ গ্লাবেল ছাউথ হিচাপে পৰিচিত অর্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা তুলনামূলকভাৱে কম বিকশিত ৰাষ্ট্ৰসমূহৰ আৱশ্যকতাৰ অনুকূল কৰি তোলা উচিত।

প্রধানমন্ত্রীয়ে কয়, যে ব্রীকচ ৰছদ যোগান শৃংখলা সহযোগিতা পৰিকাঠামোই যোগান শৃংখলা অধিক নিৰ্ভৰযোগ্য আৰু স্থিতিস্থাপক গুণ সম্পন্ন কৰি তোলাত সহায় কৰিব।

উদ্ভাৱনৰ ক্ষেত্ৰত ব্রীকচ ইনকিউবেটৰ নেটৱৰ্কে স্টার্টআপ প্রতিষ্ঠান আৰু ইনকিউবেটৰসমূহক সংযুক্ত কৰিব। ডিজিটেল কৃষি বিষয়ক ব্রীকচ নেটৱৰ্কে খেতিয়কসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিব বুলি তেওঁ মন্তব্য কৰে।

প্রধানমন্ত্রীয়ে কয়, যে এই উদ্যমৰ জৰিয়তে কৃত্রিম বুদ্ধিমত্তা, ভূস্থানিক প্রযুক্তি আৰু ৰাজহুৱা ডিজিটেল আন্তঃগাঁথনিসমূহক খেতিয়কসকলৰ বাস্তৱিক আৱশ্যকতাৰ অনুৰূপ কৰি তোলা হ’ব। তেওঁ কয়, যে ব্রীকচ ৰাষ্ট্ৰগোষ্ঠীৰ প্ৰতি গ্লোবেল ছাউথ হিচাপে পৰিচিত দেশসমূহৰ আস্থা বৃদ্ধি পাইছে।

ইয়াৰ পূৰ্বে প্রধানমন্ত্রী মোদীয়ে ব্রীকচ সন্মিলনৰ আজি দ্বিতীয় তথা অন্তিম দিনা ব্রীকচ সহযোগী দেশসমূহৰ নেতাসকলক আদৰণি জনায়। এই নেতাসকলৰ ভিতৰত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী অনৱৰ ইব্রাহিম, ভিয়েটনামৰ প্রধানমন্ত্রী লে মিন্‌হ হুং, চৌদি আৰৱৰ বিদেশ মন্ত্রী ফেইচল বিন ফৰহান আৰু ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এন্টনিঅ গুটৰচ অন্যতম।

এই অধিবেশন সমাপ্ত হোৱাৰ পাছত প্রধানমন্ত্রী মোদী কাজাখস্তান, ফিলিপাইনছ, ইজিপ্ত, দক্ষিণ আফ্রিকা আৰু বুৰুণ্ডিৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। ইয়াৰ উপৰি তেওঁ নাইজেৰীয়া আৰু উগাণ্ডাৰ উপ-ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত মিলিত হ’ব।