পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্রী ভূপেন্দ্ৰ যাদৱে আজি নতুন দিল্লীত অষ্ট্ৰেলিয়াৰ জলবায়ু পৰিৱৰ্তন আৰু শক্তি আৰু কোপ-৩১ ৰ আলোচনা অধ্যক্ষ ক্রিছ বোৱেনক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে শ্রীযাদৱে জানিবলৈ দিয়ে যে এই কথোপকথনত ফিজিত অনুষ্ঠিত হ’বলগীয়া প্রাক কোপ সম্মিলন আৰু তুর্কিত অনুষ্ঠিত হ’বলগীয়া কোপ-৩১ৰ বিভিন্ন বিষয়সমূহে স্থান পায়। এই বার্তাত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে যোৱা দশকত গ্ৰহণ কৰা জলবায়ু পৰিৱৰ্তনৰ বাবে গ্রহণ কৰা উচ্চাভিলাসী পদক্ষেপসমূহৰ ফলত লাভ কৰা সফলতাৰ বিষয়ে উল্লেখ কৰে। শ্রীযাদৱে লগতে কোপ ৩১ আলোচনাত অধ্যক্ষতা কৰা অষ্ট্ৰেলিয়াৰ প্রতি ভাৰতে পূর্ণ সহযোগিতা আগবঢ়াব বুলিও জানিবলৈ দিয়ে।
Assamese | September 23, 2026 8:22 PM | Bhupendra jadav
কোপ-৩১ ৰ আলোচনা অধ্যক্ষ ক্রিছ বোৱেনক সাক্ষাৎ মন্ত্রী ভূপেন্দ্ৰ যাদৱৰ