ছিকিমত কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া কৈলাশ মানসৰোবৰ যাত্ৰা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ কৰা হৈছে৷ কাইলৈ পুৱা নাথুলা পাচত ৰাজ্যপাল ওম প্রকাশ মাথুৰে এই যাত্ৰাৰ শুভাৰম্ভ কৰিব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দুজন বিষয়াৰ সৈতে ৩৬ জন তীর্থযাত্ৰীৰে গঠিত প্ৰথমটো দলে কাইলৈ যাত্ৰা আৰম্ভ কৰিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি প্ৰতিটো যাত্রা সম্পূর্ণ কৰিবলৈ ১০ৰ পৰা ১১ দিন সময় লাগিব। ছিকিমৰ নাথুলাৰ পৰা এইবাৰ মুঠতে ১০টা দলে পৃথকে পৃথকে কৈলাশ মানসৰোবৰ অভিমুখে যাত্ৰা কৰিব। পাঁচ বছৰৰ বিৰতিৰ অন্তত এই যাত্ৰা পুনৰ আৰম্ভ কৰা হৈছে ৷ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সংস্থাই একত্রিত হৈ সকলো তীর্থযাত্ৰীৰ কোনো অসুবিধা নোহোৱাকৈ সুচাৰুৰূপে এই যাত্ৰা হ’ব বুলি নিশ্চিতি প্ৰদান কৰিছে। আমাৰ সংবাদদাতাই জনোৱা মতে, পথচোৱাত যাত্ৰী আৱদ্ধ হৈ পৰিলে তাৎক্ষণিকভাৱে উদ্ধাৰ কৰাৰ বাবে আজি বিশেষ হেলিকপ্টাৰ সাজু কৰা হৈছে৷ ইয়াৰ পূৰ্বে শুকুৰবাৰে আৱদ্ধ হৈ থকা সকলো পৰ্যটকক চাটেনৰ পৰা বিমানেৰে উদ্ধাৰ কৰা হৈছিল।
Assamese | June 19, 2025 8:40 PM | Akashvani News | Kailash Manasarovar Yatra 2025 | Manassarovar
কৈলাশ মানসৰোবৰ যাত্ৰা সুচাৰুৰূপে পৰিচালনাৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ