কেৰেলাৰ কোঝিকড়ৰ থিকৌৰী সমুদ্ৰ তীৰত কালি বিয়লি ঢৌত উটি যোৱাৰ ফলত দুগৰাকী মহিলাসহ মুঠ ৪ গৰাকী লোকৰ মৃত্যু হয়। ৱাইনাড জিলাৰ কলপেট্টাৰ বাসিন্দা ৫ গৰাকী সদস্যৰ এটা দলে কালি সমুদ্র তীৰ দৰ্শনৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হয়। স্থানীয় লোক আৰু মাছমৰীয়াই দলটোৰে এগৰাকী মহিলাৰ জীৱন ৰক্ষা কৰিবলৈ সমৰ্থ হ’লেও আন ৪গৰাকীক জীৱন্তে উদ্ধাৰ কৰিব নোৱাৰিলে। দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰা দলটোৰ একমাত্ৰ সদস্যগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
Assamese | January 27, 2025 3:10 PM | Akashvani News | Kerala
কেৰেলাৰ কোঝিকড়ৰ থিকৌৰী সমুদ্ৰ তীৰত ঢৌত উটি যোৱাৰ ফলত দুগৰাকী মহিলাসহ মুঠ ৪ গৰাকী লোকৰ মৃত্যু