September 16, 2026 7:27 PM | Union Cabinet

printer

কেন্দ্ৰীয় মন্ত্ৰীসভাত সুৰক্ষা মজুৰিৰ সীমা ১৫ হাজাৰৰ পৰা ২৫ হাজাৰ টকালৈ বৃদ্ধিৰ সিদ্ধান্ত

কেন্দ্ৰীয় কেবিনেটে কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাৰ অধীনত বাধ্যতামূলক সুৰক্ষা মজুৰিৰ সীমা ১৫ হাজাৰৰ পৰা ২৫ হাজাৰ টকালৈ বৃদ্ধি কৰিছে। কেবিনেট বৈঠকত অন্তত সংবাদমেল সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি কয় যে এই সিদ্ধান্তই বাধ্যতামূলক কৰ্মচাৰী ভৱিষ্যনিধি পুঁজি চমুকৈ ই এফ অ পৰিসৰৰ ভিতৰত ৫১ লাখৰো অধিক অতিৰিক্ত কৰ্মচাৰী আনিব যাৰ ফলত শ্ৰমিকসকলৰ বাবে সামাজিক সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ বাবে ৰাজহুৱা খণ্ডৰ বাৰ্ষিক ব্যয় প্রায় ১১ হাজাৰ ৩৩৯ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ই পি এফ অ’ৰ মজুৰিৰ সীমা ২০০৪ চনৰ পৰা ২০১৪ চনলৈকে অপৰিৱৰ্তিত হৈ আছিল। তাৰ পাছত ২০১৪ চনৰ ছেপ্তেম্বৰ মাহত ইয়াক ১৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।