প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কুৰি সংখ্যক নিয়োগ মেলাৰ অংশ হিচাপে কালি বিয়লি ভি ডি অ’ কনফাৰেন্সিং ব্যৱস্থাৰে বিভিন্ন চৰকাৰী সংস্থাত নতুনকৈ কর্ম-সংস্থাপন লাভ কৰা ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। এই উপলক্ষে শ্রীমোদীয়ে কয়, যে শেহতীয়া বছৰকেইটাত কেন্দ্ৰীয় চৰকাৰে যুৱক-যুৱতীসকলক ভৱিষ্যতৰ বাবে সাজু হ’বলৈ প্রয়োজনীয় দক্ষতা আৰু সুযোগেৰে সু-সজ্জ্বিত কৰাত নিৰন্তৰ গুৰুত্ব আৰোপ কৰি আহিছে।
তেওঁ কয়, যে চৰকাৰে দেশৰ যুৱ-প্ৰজন্মক পৰিৱৰ্তিত অর্থ-ব্যৱস্থাৰ আৱশ্যকতা অনুসৰি শিক্ষা আৰু দক্ষতাৰে সাজু কৰি তোলাৰ বাবে প্ৰয়াস চলাই আহিছে।
চৰকাৰে ব্যক্তিগত খণ্ডত কৰ্ম-সংস্থাপনৰ সুযোগৰ দ্রুত সম্প্ৰসাৰণৰ বাবেও কাম কৰি আছে বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয়, যে এই লক্ষ্যৰে প্ৰায় ১ লাখ কোটি টকাৰ মূলধনেৰে প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা মুকলি কৰা হৈছে।
প্রধানমন্ত্রীয়ে কয়, যে ভাৰতে বিগত কেইটামান বছৰত প্ৰায় ৪০ খন দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰিছে আৰু ইয়াৰ ফলত দেশৰ যুৱ প্ৰজন্মৰ বাবে সুযোগৰ নতুন দ্বাৰ মুকলি হৈছে। এনে ধৰণৰ বাণিজ্য চুক্তিয়ে দেশৰ উদ্যমীসকলৰ বাবে নতুন সহযোগিতা আৰু বজাৰ মুকলি কৰাৰ লগতে যুৱক-যুৱতীসকলৰ বাবে কেৰিয়াৰৰ নতুন সম্ভাৱনাৰ দ্বাৰ মুকলি কৰে বুলি শ্রীমোদীয়ে প্রকাশ কৰে।
প্রধানমন্ত্রীয়ে কয়, যে দেশৰ যুৱ প্ৰজন্মৰ প্ৰতিভা আৰু দক্ষতাই সমগ্ৰ বিশ্বৰ আস্থা জয় কৰিবলৈ সমৰ্থ হৈছে। ভাৰতৰ উদ্ভাৱক, উদ্যমী আৰু যুৱ-প্ৰজন্মৰ শক্তিক লৈ বিশ্ব যথেষ্ট আশাবাদী বুলিও তেওঁ মন্তব্য কৰে।
এই উপলক্ষে কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি নিষ্পত্তি আৰু পেন্সন দপ্তৰৰ ৰাজ্য মন্ত্রী ডাঃ জিতেন্দ্র সিঙে কয়, যে নিয়োগ মেলাৰ জৰিয়তে কৰ্ম-সংস্থাপন সৃষ্টি আৰু নিযুক্তিৰ মূল্যায়ণৰ পৰা চৰকাৰী নিযুক্তি উল্লেখনীয়ভাবে বৃদ্ধি পোৱা আৰু স্বচ্ছভাৱে নিযুক্তি প্রক্রিয়া সম্পন্ন হোৱাটো প্রমাণিত হৈছে।
উল্লেখযোগ্য যে, দেশৰ ৪৫টা স্থানত কালি নিয়োগ মেলা অনুষ্ঠিত হয়। নৱনিযুক্ত প্রার্থীসকলে বিত্ত, ৰে’ল, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু প্ৰতিৰক্ষা মন্ত্ৰ্যালয়কে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰ্যালয় আৰু বিভাগত যোগদান কৰিব। এইবাৰকে ধৰি নিয়োগ মেলাৰ জৰিয়তে দেশৰ মুঠ ১২ লাখ ৭৫ হাজাৰ যুৱক-যুৱতীয়ে নিযুক্তিপত্র লাভ কৰিছে।