September 20, 2026 11:26 AM
2
কেন্দ্ৰীয় চৰকাৰে যুৱক-যুৱতীসকলক ভৱিষ্যতৰ বাবে সাজু হ’বলৈ প্রয়োজনীয় দক্ষতা আৰু সুযোগ প্রদানত নিৰন্তৰ গুৰুত্ব আৰোপ কৰি আহিছে বুলি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রকাশ
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কুৰি সংখ্যক নিয়োগ মেলাৰ অংশ হিচাপে কালি বিয়লি ভি ডি অ' কনফাৰেন্সিং ব্যৱস্থাৰে বিভিন্ন চৰকাৰী সংস্থাত নতুনকৈ কর্ম-সংস্থাপন লাভ কৰা ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। এই উপলক্ষে শ্রীমোদীয়ে কয়, যে শেহতীয়া বছৰকেইটাত কেন্দ্ৰীয় চৰকাৰে যুৱক-যুৱতীসকলক ভৱিষ্যতৰ বাবে সাজু হ'বলৈ প্রয়োজনীয় দক্ষতা আৰু সুযোগেৰে সু-সজ্জ্বিত কৰাত নিৰন্তৰ গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ কয়, যে চৰকাৰে দেশৰ যুৱ-প্ৰজন্মক পৰিৱৰ্তিত অর্থ-ব্যৱস্থাৰ আৱশ্যকতা অনুসৰি শিক্ষা আৰু দক্ষতাৰে স...