বৈদেশিক পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা ১১ জুনত টীয়ক এফ আৰ ইউত এটা ডায়েলাইছিছ ইউনিটৰ উদ্বোধন কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ আগমনৰ পূৰ্বে যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে আজি টীয়ক এফ আৰ ইউত উপস্থিত হৈ উদ্বোধনী কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লয়। জিলা আয়ুক্তগৰাকীয়ে লগতে টীয়ক এফ আৰ ইউৰ, নিৰ্মাণৰত আই চি ইউ ইউনিটৰ কাম-কাজ পৰিদৰ্শন কৰি শীঘ্ৰেই কাম সম্পূৰ্ণ কৰা সন্দৰ্ভত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু কাকজান খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়ববীয়াৰ সৈতে মত বিনিময় কৰে।
Assamese | June 8, 2025 7:24 PM | Jorhat district | Pabitra magahrita
কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ১১ জুনত টীয়ক এফ আৰ ইউত এটা ডায়েলাইছিছ ইউনিটৰ উদ্বোধন কৰিব