কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত হ’ব। দেশৰ বিভিন্ন কেন্দ্ৰৰ লগতে গুৱাহাটীৰ মুঠ ২৬ টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ’ব। গুৱাহাটীৰ পৰীক্ষা কেন্দ্ৰসমূহত মুঠ ১০ হাজাৰ ৫৮৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব। পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি পৰীক্ষাকেন্দ্ৰৰ এশ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী, পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত বিষয়া, আৰক্ষী, আৰু চৰকাৰ অথবা জিলা আয়ুক্তৰ কৰ্তৃত্বপ্রাপ্ত লোকৰ বাহিৰে আন লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।
Assamese | May 24, 2025 12:24 PM | Akashvani Guwahati | UPSC
কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত