September 16, 2026 7:32 PM | SSA Launch

printer

কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ এছ এছ এ মুকলি

কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে ভার্চুৱেল ব্যৱস্থাৰে আজি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে স্বচ্ছ সেৱা অংকলন চমুকৈ এছ এছ এ মুকলি কৰে। মন্ত্ৰালয়ে জনায় যে এছ এছ এ হৈছে গ্রামাঞ্চলত অনাময় সেৱা প্ৰদানৰ মূল্যায়ন আৰু নিৰীক্ষণৰ বাবে প্ৰস্তুত কৰা বাৰ্ষিক ডিজিটেল স্বমূল্যায়নৰ পৰিকাঠামো। ইয়াক স্বচ্ছ ভাৰত অভিযান গ্রামীণ ২.০ৰ অধীনত খোৱাপানী আৰু অনাময় ব্যৱস্থা বিভাগে প্ৰস্তুত কৰি উলিয়াইছে। মন্ত্রালয়ে লগতে কয় যে বহুস্তৰীয় পর্যালোচনা পৰিকাঠামোত তৃণমূল পৰ্যায়ত অনাময় সেৱা ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে গাঁও পঞ্চায়ত, গাঁও সভা, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পৰ্যায়ৰ বিষয়াসকলক জড়িত কৰাৰ বিষয়ত পৰিকল্পনা কৰা হৈছে। এই পদক্ষেপে অগ্ৰগতিৰ পৰ্যালোচনা কৰিবলৈ গাঁও পঞ্চায়ত আৰু গাঁও সভাসমূহক অধিক ক্ষমতা প্ৰদান কৰিব বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে। বৈঠকত জলশক্তি দপ্তৰৰ ৰাজ্য মন্ত্ৰী ভি সোমান্নায়ো অংশগ্রহণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।