July 26, 2025 10:16 AM | Atal Pension Yojana

printer

কেন্দ্ৰীয় চৰকাৰৰ অটল পেন্সন আঁচনিত ৮ কোটিতকৈও অধিক লোকৰ পঞ্জীয়নৰ অভিলেখ

চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ অটল পেন্সন আঁচনিয়ে নতুন অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে। এই সময়ছোৱাত আঁচনিখনৰ অধীনত ৮ কোটিতকৈও অধিক পঞ্জীয়ন হোৱাৰ লগতে অতিৰিক্ত ৩৯ লাখ লোকে এই আঁচনিৰ সুবিধা লাভ কৰিছে। উল্লেখযোগ্য যে পেন্সন পুঁজি নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণৰ দ্বাৰা পৰিচালিত এইখন হৈছে ভাৰতৰ ধবজাবাহী সামাজিক সুৰক্ষা আঁচনি। ২০১৫ চনৰ ৯ মে’ত আৰম্ভ কৰা এই আঁচনিখনে দশম বর্ষপূর্তিৰ সময়তে এই বৃহৎ‍ সফলতা লাভ কৰিছে। ভাৰতীয় নাগৰিকৰ বাবে গোলকীয় সামাজিক সুৰক্ষা ব্যৱস্থাৰ সুবিধা প্ৰদান কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এই আঁচনিয়ে দৰিদ্ৰ, পিছপৰা জনসাধাৰণ আৰু অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ উন্নয়নত গুৰুত্ব আৰোপ কৰি আহিছে।