কেন্দ্ৰীয় চৰকাৰে অহা তিনি বছৰৰ ভিতৰত দেশৰ প্ৰতিখন জিলাতে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে একোটা ডে কেয়াৰ কেন্দ্ৰ মুকলি কৰিব। ৰাজ্যসভাত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই কয়, যে ২০২৫-২৬ চনৰ ভিতৰত ২০০ টা ডে কেয়াৰ কেন্দ্ৰ স্থাপন কৰা হ’ব। শ্ৰী নাড্ডাই শেহতীয়া কিছু তথ্য দাঙি ধৰি কয়, যে আয়ুষ্মান ভাৰত- প্রধানমন্ত্রী জন আৰোগ্য যোজনা ৰূপায়ণৰ পাছৰে পৰা কৰ্কট ৰোগীসকলৰ ৰোগ চিনাক্ত হোৱাৰ ৩০ দিনৰ ভিতৰত চিকিৎসা আৰম্ভ কৰা হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত চৰকাৰে সুলভ আৰু গুণগত মানৰ স্বাস্থ্য সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত কাম কৰি আহিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে।
Assamese | March 11, 2025 5:43 PM | India Govt.
কেন্দ্ৰীয় চৰকাৰে অহা তিনি বছৰৰ ভিতৰত দেশৰ প্ৰতিখন জিলাতে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে একোটা ডে কেয়াৰ কেন্দ্ৰ মুকলি কৰিব