কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীৰ শিক্ষা মন্ত্রী হিচাপে দায়িত্ব গ্রহণ

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীয়ে আজি শিক্ষা মন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰে। ধর্মেন্দ্র প্রধানে পদত্যাগ কৰাৰ পাছতে কালি শ্রী যোশীক এই পদত নিযুক্তি দিয়া হয়। শ্রী যোশীয়ে গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণৰ লগতে নতুন তথা নৱীকৰণযোগ্য শক্তি বিভাগৰ মন্ত্রী হিচাপেও দায়িত্ব অব্যাহত ৰাখিছে।

দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগে লগে শ্রী যোশীয়ে শিক্ষা মন্ত্ৰালয়ৰ বিভিন্ন আঁচনি আৰু গুৰুত্বপূৰ্ণ পদক্ষেপৰ ৰূপায়ণ মূল্যায়ন কৰাৰ উদ্দেশ্যে এক পর্যালোচনামূলক বৈঠকত অধ্যক্ষতা কৰে। শিক্ষা বিভাগৰ ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধুৰীৰ লগতে মন্ত্ৰালয়ৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া বৈঠকত উপস্থিত থাকে।

বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰীয় মন্ত্রী প্রহ্লাদ যোশীয়ে এই দায়িত্ব প্ৰদান কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰে। মন্ত্ৰালয়ৰ কাম কাজ, নীতি নিয়ম তথা বর্তমান অব্যাহত থকা পদক্ষেপসমূহ বিশেষভাৱে অনুধাৱন কৰিবলৈ তেওঁ পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে।

শিক্ষা বিভাগক এটা বৃহৎ আৰু গুৰুত্বপূৰ্ণ বিভাগ বুলি মত প্রকাশ কৰি তেওঁ কয় যে শিক্ষা মন্ত্ৰালয়ৰ কাৰ্যসূচীসমূহক আগুৱাই নিয়া আৰু নতুন পদক্ষেপসমূহ ৰূপায়ণ কৰাৰ আগতে এই সম্পর্কীয় প্রক্রিয়াসমূহ ভালদৰে বুজি পোৱাত সম্প্রতি অগ্ৰাধিকাৰ দিয়া হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।