কেন্দ্রীয় মন্ত্রী ড০ জীতেন্দ্র সিঙে জম্মু-কাশ্মীৰৰ উধমপুৰ-কথুৱা-দোদা লোকসভা সমষ্টিৰ বাবে প্রায় ৮৭কোটি টকাৰ ব্যয় সাপেক্ষে সম্পূর্ণ হোৱা কেইবাটাও প্রকল্প মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ৯২৪ কোটিতকৈ অধিক টকা ব্যয় সাপেক্ষ প্রধানমন্ত্রী গ্রাম চড়ক যোজনা পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ভার্চুৱেল পদ্ধতিৰে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। মন্ত্ৰীগৰাকীয়ে লগতে উধমপুৰৰ চন্নি মোৰৰ পৰা ল’ৱাৰ চৌণ্ঠন ৰোডলৈ পথছোৱা মুকলি কৰে। গ্রামীন পথ উন্নয়নৰ ক্ষেত্ৰত দেশৰ ভিতৰতে উধমপুৰে অবিৰতভাৱে শীৰ্ষৰ ৩খন জিলাৰ ভিতৰত স্থান লাভ কৰি আহিছে। নতুন প্রকল্পসমূহৰ জৰিয়তে দূৰণিবটীয়া গাঁৱসমূহৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে অঞ্চলটোত গ্রামীন আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে।
Assamese | November 16, 2025 7:07 PM | Dr Jitrendar Singh inaugurated various project of Jammu Kashmir
কেন্দ্রীয় মন্ত্রী ড০ জীতেন্দ্র সিঙে জম্মু-কাশ্মীৰৰ উধমপুৰ-কথুৱা-দোদা লোকসভা সমষ্টিৰ বাবে প্রায় ৮৭কোটি টকাৰ ব্যয় সাপেক্ষে সম্পূর্ণ হোৱা কেইবাটাও প্রকল্প মুকলি কৰে